অফিচৰ পৰা আহি ডাইনিং টেবুলখনত কেঁচা তামোল-পাণযোৰ দেখি বুজিলোঁ যে কাৰোবাৰ বিয়ালৈ নিমন্ত্ৰণ কৰি থৈ গৈছে ৷ কোনেনো নিমন্ত্ৰণ কৰি থৈ গ’ল শুধিবলৈ বুলি পৰিবাৰক উদ্দেশ্যি মাত দিলোঁ –“হেৰা – হেৰা ৷” মাত নাই – শুনা নাই চাগে ৷ পাকঘৰৰ অহা পৰা খুটুং-খাটাং শব্দ শুনি তেওঁ তাতেই আছে বুলি গৈ পাকঘৰৰ দুৱাৰমুখৰ পৰা শুধিলোঁ –“কাৰ বিয়াৰ নিমান্ত্ৰণ সেয়া ?”
--“ক’তনো বিয়াৰ নিমন্ত্ৰণখন দেখিলা ?”
--“তেনেহ’লে ডাইনিং টেবুলত কিহৰ কেঁচা তামোল-পাণ সেয়া ?”
--“অ’ – দুইমানবজাত ক্লাচৰ পৰা আহি ভাত খাবলৈ বহোঁতেই অচিন্তই তাৰ বিয়ালৈ মাতি থৈ গৈছে ৷”
আচৰিত হৈ সুধিলোঁ--“কোনে ?”
--“ক’লো দেখোন – অচিন্তই ৷”
--“কোন অচিন্ত ?”
--“এহ্, এতিয়া অচিন্তক চিনি নোপোৱাই হ’লানে ?”
--“মানে অফিচৰ কেজুৱেল কৰ্মী অচিন্ত ?”
--“হয়, সেই অচিন্তই ৷”
অফিচৰ কেজুৱেল কৰ্মী অচিন্তই অফিচ ছুটীৰ পিছত অতিৰিক্ত উপাৰ্জনৰ বাবে আমাৰ ঘৰকে ধৰি কলনিৰ তিনিঘৰত ফুলনিত কাম কৰে ৷ সেয়ে নিশ্চিত হ’বলৈ আকৌ সুধিলোঁ,--“মানে আবেলি আমাৰ ফুলনিত কাম কৰা অচিন্ত ?”
--“উসৰাম, কিনো পেঘেনিয়াই আছা; সেইটো অচিন্তই– ইয়াত আৰু কোনোবা বেলেগ অচিন্ত আছে নেকি ?”
--“তুমি কিবা ভুল শুনিছা, তাৰ ভায়েক ভনীয়েক কাৰোবাৰ বিয়া চাগে ৷”
--“মই একো ভুল শুনা নাই; তাৰ বিয়া বুলি কোৱাত মই আকৌ এবাৰ শুধিলোঁ – সি তাৰ বিয়া বুলিয়েই ক’লে ৷”
--“তুমি আৰু ভালকৈ নুসুধিলা ?”
--“গৰমত ভাগৰে-জুগৰে আহি ভাত খাবলৈ বহিছোঁ তেতিয়া, একেটা কথাকে শুধি থাকিবলৈ ধৈৰ্য্য ক’ত ?”
অচিন্তৰ বিয়া— কথাটোত কিবা খেলিমেলিখন লাগিল মোৰ ৷ আকৌ সুধিলোঁ,-“হেৰা অচিন্ত
দেখোন বিয়াবাৰু কৰাই সংসাৰ থকা মানুহ ৷”
--“হয়তো কথাটো ৷” কামৰ মাজতে এওঁ অলপ অন্যমনস্কভাৱে উত্তৰ দিলে ৷
--“সি দেখোন দুদিনমান আবেলি আমাৰ ইয়ালৈ ছয়-সাত বছৰীয়ামান পুতেককো লৈ আহিছে !”
--“অ’ হয়তো ৷”
--“এমাহমান আগতে দেখোন কলনিৰ বিহুৰ অনুষ্ঠান চাবলৈ কোলাত কণমানী এজনীৰ সৈতে ঘৈণীয়েককো লৈ আহিছিল; আমাক যে চিনাকি কৰাই দিছিল, পাহৰিলাই নেকি ?”
--“নাই পাহৰা ৷”
--“তেনেহ’লে এতিয়া অচিন্তৰ বিয়া কেনেকৈ হ’ব পাৰে ?”
--“জানো ক’ব নোৱাৰো সেইবিলাক কথা মই; চথাদিনালৈ বিয়া, বৰকৈ কৈ গৈছে যাবলৈ ৷” টিঙিচকৈ খং উঠি আহিল,--“নাযাওঁ মই তেনেকুৱা বিয়ালৈ ৷”
--“যি কৰা কৰিবা ৷”
--“তুমিয়েই কোৱাচোন বাৰু – ঘৈণীয়েক, দুটা ল’ৰা-ছোৱালীৰে সৈতে সংসাৰ এখন থাকোতেই সি কেনেকৈ আকৌ বিয়া পাতিব পাৰে ! কেচত ফচি মৰিব ৷”
--“জানো পাই কি কথা এইবিলাক ৷ কিজানি এৰাএৰিয়েই হ’ল, কি ঠিক ৷”
--“এই এমাহতে এৰাএৰি হৈ নতুনকৈ ঘৈণীয়েক হ’বলৈ এজনী পালেইনে সি ?”
--“মইনো কেনেকৈ জানো সেইবিলাক ৷ সেইবিলাক কথা বেছিকৈ চিন্তা কৰি লাভ নাই, নিজৰ ঘৰ-সংসাৰ চম্ভালাতো সিহঁতৰ নিজৰ দায়িত্ব ৷ যোৱা মুখ-হাত ধুই চাহকাপ খোৱা ৷”
চাহৰ কাপটো তুলি লওঁতেই এওঁ ক’লে –“আৰু এটা কথা; বিয়া বুলি অচিন্তই এসপ্তাহৰ ছুটী লৈছে বোলে, গতিকে এইকেইদিন ফুলত পানী তুমিয়েই দিব লাগিব ৷”
ফুল আপদাল কৰিবলৈ ভালেই পাওঁ, গতিকে কাপোৰ সলাই ফুলৰ গুৰিত পানী দিবলৈ ধৰিলোঁ ৷ কিন্তু ‘অচিন্তৰ বিয়া’ এই কথাটোৱে মনটোত কিবা খুচখুচাই থাকিল ৷
পাছদিনা পুৱা সাতবজাত অফিচলৈ যাওঁতেই মুখামুখি হ’লো নীৰেনৰ সৈতে ৷ নীৰেনো অচিন্তৰ দৰেই অফিচৰ কেজুৱেল কৰ্মী, একে গাঁৱৰে ৷ গতিকে মনৰ খুদুৱনি মাৰিবলৈ নীৰেনকে সুধিলো,-“হেৰা নীৰেন, অচিন্তৰ বোলে বিয়া ?”
লেনিয়াই লেনিয়াই কথাকোৱা নীৰেনে ক’লে,-“হয় চাৰ, তাৰ বিয়া ৷”
--“এই সংসাৰী মানুহটোৱে কিয় আকৌ বিয়া পাতিছে ? কৈ দিবা তাক জেলত সোমাবগৈ লাগিব ৷”
নীৰেনৰ মাতটো আৰু বেছি মিনমিনিয়া হৈ ওলাল,-“নহয় মানে চাৰ, এইখন মানে তাৰ হেৰি – মানে বুঢ়াবিয়া ৷”
--“কি বিয়া ?”
--“বু – বুঢ়াবিয়া ৷”
--“এইখন কি ধৰণৰ বিয়া ? এনেকুৱা বিয়াৰ কথাতো আগতে শুনা নাই ?”
--“মানে চাৰ চলে এইফালে ৷”
--“বুজাই কোৱাচোন কি এই বুঢ়াবিয়া ৷”
--“মানে চাৰ সি মানুহজনীক আগতেই ভালপাই লৈ আহিলে ৷”- কথাষাৰ কওঁতে নীৰেন অস্বস্তিত একেবাৰে লেউসেউ হৈ পৰিল ৷
--“তাৰপিছত ?”
--“বিয়াখন তেতিয়া পতা নহ’ল, মানে যোগাৰ-পাতি নাছিল যে ৷”
--“ঘৰে মানি ল’লে ?”
--“এসপ্তাহমানৰ পাছত ঘৰলৈ আহোতে মাক-দেউতাকে গালিশপনি পাৰি ঘৰতেই ৰাখি থলে ৷ তাৰো কাম-কাজ নাছিল নহয় তেতিয়া, মাক-বাপেকেনো তাহাঁতক কেনেকৈ নাখাই শুকাই মৰিবলৈ এৰি দিয়ে ৷ কিন্তু বিয়াখন সামাজিককৈ নাপাতিলে সমাজত উঠিব নোৱাৰে নহয় ৷”
--“এঘৰীয়া কৰি থৈছে নেকি তাহাঁতৰ ঘৰখনক ?”
--“তেনেকুৱা কৰা নাই, সকলোৱে মাতবোল কৰে আৰু টানে-আপদে সহায়ো কৰে, কিন্তু তাহাঁত দুটাৰ হাতেৰে কোনেও চাহ-জলপান নাখায় ৷ সিহঁত দুটা নামঘৰলৈ যাব নোৱাৰে, বিয়া সবাহলৈ যাব নোৱাৰে, ভাওনাতো ভাগ ল’ব নোৱাৰে ৷ বিয়াখন সমজুৱাকৈ পাতি ল’লে দায়-দোষ ক্ষেমি হালকে সমাজত তুলি ল’ব, মাক-দেউতাকেও উশাহ পাব ৷”
--“ল’ৰা-ছোৱালীয়ে তেনে মাক-বাপেকৰ বিয়াখন দেখিব !”
--“ল’ৰা-ছোৱালী হোৱাৰ পিছত পতা বিয়াযে সেইকাৰণে বুঢ়াবিয়া ৷”
--“অ’ বুজিলো ৷
যাবলৈ বুলি খোজ দিওঁতেই নীৰেনে পিছফালৰ পৰা সেমেনা-সেমানিকৈ ক’লে,-“দুদিনতে তাৰ বিয়াখন হ’বগৈ চাৰ, তাৰ চিন্তা দূৰ হ’ব ৷ মোৰহে কি হয়গৈ জানো, দহবছৰেই হ’বৰ হ’ল ৷”
--“অ’ তুমিয়ো তাৰমানে একেই ?”
--“কিনো ক’ম চাৰ; তেতিয়া বেছি নাভাবি-নুগুনি লৈ আহিলোঁ ৷ এতিয়া যেনিয়েই যাওঁ সকলোৰে মুখত একেটাই কথা বোলে কি চাই আছ, সোনকালে লেঠা মাৰ ৷ ঘৰতো সকলোৰে খেচখেচ ৷ সমাজখনৰ কথা আছে নহয় ৷”
--“বুঢ়াবিয়াখন পাতি জাতত উঠি লোৱা ৷”
--“লেঠাই লেঠা চাৰ, পা-পইচা যোগাৰেই নহৈছেগৈ; চাৰসকলে যদি অলপ সহায় কৰে তেনে বছৰৰ শেষলৈ সাহ কৰিব পা-ৰি-ম-গৈ চা-গে !”
নীৰেনৰ অসুবিধাৰ কথা অলপ চিন্তা কৰি ক’লো--“মই বাৰু অলপ সহায় কৰিম, আনসকলৰ সৈতেও কথা পাতা ৷” নিজৰ অফিচ কোঠাত সোমাওঁতে দহমিনিটমান পলমেই হ’ল ৷
বিয়াৰ দিনা কলনিৰে কেইজনমান সহকৰ্মীৰ পত্নীসকলৰ সৈতে পৰিবাৰ অচিন্তৰ বিয়ালৈ গ’ল, লগতে লৈ গ’ল আমাৰ ছয়বছৰীয়া ছোৱালীজনীক ৷ বুঢ়াবিয়া কথাটো কিবা আচহুৱা যেন লগাত মই নগ’লো ৷ চাৰে এঘাৰ বছৰীয়া পুত্ৰও ওলাইছিল মাকৰ লগত বিয়া খাবলৈ যাবলৈ ৷ মইহে পাতল ধমক এটা দি তাক ৰাখি থ’লো —“সেই চাৰে তিনি বজাতে স্কুলৰপৰা অহাৰেপৰা এই সন্ধিয়ালৈকে খেলিয়েই আছ ৷ ঘামত গা টেপটেপীয়া হৈ গৈছে ৷ নোৱাৰ এতিয়া ক’লৈকো যাবলৈ ৷ যা, গা ধুই প্ৰাৰ্থনা কৰ আৰু মায়ে টেবুলত যি ঢাকি থৈছে টপাটপ খা আৰু পঢ়াত বহগৈ ৷”
--“ভণ্টী দেখোন যাব! যাওঁ দিয়ানা!” সি মৃদু আপত্তি কৰিলে ৷
--“তই ভণ্টীৰ সমান কেঁচুৱা নেকি ? টুকু, নীৰহঁতে খেলি উঠি পঢ়াত বহিলেই চাগে ৷ যি কৈছোঁ তাকে কৰ, নহ’লে অলপ পাছত টোপিনিয়াবিয়েই ৷”
পুত্ৰ পঢ়াৰ মেজত বহাত ময়ো কাষতে চকী এখনত বহি বাতৰি কাকত মেলি ল’লো ৷ কোনোবাপাকত বাতৰি কাকতৰ পৰা মনটোৱে ঢাপলি মেলিলে অতীতলৈ ৷ চাকৰিত সোমোৱা তিনিবছৰমান হৈছে, বিয়াৰ কথা মনত সোমোৱা নাই ৷ উদঙীয়া মানুহ, কামৰ বাবে ‘চাইট কেম্পত’ মাজেসময়ে থাকিবলৈ কোনো অসুবিধা নাই ৷ নলবাৰী নগৰৰ কিছু পশ্চিমেদি বৈ যোৱা বুৰাদিয়া নদীৰ পুৰণি মৰাসুঁতি এটা পুনৰ জী উঠিছে ৷ আগবাৰিষাৰ পানীৰ সোঁতে সুঁতিটোৰ পূবফালৰ পাৰ খহাবলৈ ধৰিছে ৷ সেইপাৰৰ নাতিদূৰেদি সুঁতিটোৰ প্ৰায় সমান্তৰালকৈ থকা কোম্পানীৰ তেলপৰিবাহী পাইপলাইনৰ ‘ৰাইট অফ ৱে’-ক সেই খহনীয়াৰ পৰা বচাবলৈ কিছু খহনীয়া প্ৰতিৰোধী কাম হাতত লোৱা হ’ল ৷ নহ’লে খহনীয়াই ‘ৰাইট অফ ৱে’-ৰ মাটি বগৰাই পেলালে মাটিৰ তলৰ পৰা পাইপলাইনকেইডাল উদংহৈ ওলাই পৰিব ৷ ছবছৰজোৰা অসম আন্দোলন সমাপ্ত হ’ল যদিও বহুতৰে মন তেতিয়াও অসন্তোষত আন্দোলিত হৈ আছে; নলবাৰী অঞ্চলৰ পৰিস্থিতি তেতিয়া যথেষ্ট উদ্বেগজনক ৷ সন্ত্ৰাস জৰ্জৰিত পৰিস্থিতিত তেলপৰিবাহী পাইপলাইনত কূটাঘাত হ’লে যথেষ্ট বিপদ আৰু প্ৰদূষণ হ’ব ৷ সেয়ে খহনীয়া দেখিয়েই কাম আৰম্ভ কৰা হ’ল ৷ ‘ৰাইট অফ ৱে’-ৰ সোঁফালৰ সীমাতে লগাকৈ কেইঘৰমান মানুহৰ ঘৰবাৰী ৷ আমাৰ কামৰ একেবাৰে ওচৰতে থকা আহল-বহল ঘৰবাৰীৰ মানুহঘৰৰ সৈতে চিনা-পৰিচয় হ’ল ৷ তেওঁলোকৰ ঘৰৰ পৰাই খোৱাপানী লোৱাৰ উপৰিও তেওঁলোকৰ পৰিস্কাৰ গাধোৱাঘৰ আৰু পাইখানাও বিশেষ প্ৰয়োজনত ব্যৱহাৰ কৰাৰ ব্যৱস্থা কৰা হ’ল ৷ মাজে মাজে স্বইচ্ছাই তেওঁলোকে চাহ-তামোলো যচা কৰিলে ৷ মানুহঘৰৰ লগত তেনেকৈয়ে কেইদিনমানতে কোম্পানীৰ মানুহখিনিৰ সদ্ভাৱ গঢ়ি উঠিল ৷ ঘৰৰ মূৰব্বীজনক দিবাকৰদা বুলিয়েই মাতিবলৈ ল’লে সকলোৱে ৷
এদিন ৰাতি কেম্পত খপিব লগা হ’ল ৷ ৰাতিপুৱা উঠি মুখ ধোওঁতেই মানুহঘৰৰ পৰা তিৰোতামানুহৰ কান্দোনৰ শব্দ ভাঁহি আহিল ৷ কিছু গঞাও আগচোতালত গোট খাইছে ৷ চিন্তা লাগিল, বেয়া চিন্তাই মনলৈ আহিল-‘কালি সন্ধিয়ালৈকে দেখোন পৰিয়ালটোৰ সকলোকেইজনক ভাল অৱস্থাতেই দেখিছিলোঁ, ৰাতিতে কাৰোবাৰ কিবা হ’ল নেকি ? নে পুতেকক পুলিচ-মিলিটেৰীয়ে উঠাই লৈ গ’ল ? ল’ৰাজনক পুলিচ-মিলিটেৰীয়ে নিলে পৰিয়ালটো শেষ – হয় আধামৰা ল’ৰা ফিৰাই পাব নহ’লে চোতালত লাচটো পেলাই থৈ যাব ৷” খবৰ লওঁ বুলি আমি আটাইকেইজনে ততাতৈয়াকে তেওঁলোকৰ চোতাল পালোঁগৈ ৷
ঘৰৰ ভিতৰৰ পৰা গৃহস্থনীৰ বিননি ভাঁহি আহিল—“মোৰ তৰা সেনাই নহই এ ৷ ডাঙাৰ বাপাৰ লগোত সখি পাতি সি আমাহাৰ ঘৰোক আহি থাইকছিল ; অ’ তাকো তৰাই দাদা বুলছিল ৷ অ’ গোটে নিজোৰ আপাহেন মৰম কৰছিলু কেন্তু বুকতে কামোৰ মাৰলাক এ ৷” মানুহগৰাকীৰ কান্দোন বাঢ়িল, ভিতৰত আন মহিলাই তেওঁক সান্ত্বনা দিয়া শুনিলোঁ ৷ গোটখোৱা গঞাৰ পৰা গম পালোঁ যে তেওঁলোকৰ জীয়েক তৰা ঘৰলৈ আহি থকা ডেকা এজনৰ সৈতে ৰাতিয়েই পলাল ৷ সন্ত্ৰাসৰ দিনত পুলিচ মিলিটেৰীৰ বাবে সন্ধিয়াৰে পৰা মানুহ বাজলৈ নোলোৱা অৱস্থাত দু্য়োজনে মাজৰাতি ভাল সাহস কৰিলে তেনে এটা কাম কৰিবলৈ ৷ প্ৰেমত যিকোনো দুঃসাহসিক কাম কৰা সম্ভৱ বুলি শুনিছিলোঁ, সেইদিনা তাৰ প্ৰমাণো পালোঁ ৷ তেনেতে হাতত পকাবাঁহৰ টাঙোন এডাল লৈ তৰাৰ বাপেক দিবাকৰদাই সখিক ঘৰ লগাই চকু নৰখাৰ বাবে ডাঙৰ বাপাক তৰ্জন-গৰ্জন কৰি আগফালৰ বাৰাণ্ডালৈ ওলাল ৷ লগতে টাঙোন এডাল লৈ ওলাই অহা ডাঙৰ বাপাই মাত দিলে –“পিতি, মই তাৰ ঠেংখান কুবেই ভাঙি দি আহোঁ ৷” পিতাকৰ উষ্মা আৰু এখোপ ওপৰলৈ চৰিল,-“তই চুপ থাক, সখি পাতবা আহ্ইছা, সখি যি তলোক তলে কাণ্ড কৰি আছে খবৰ ৰাখবা নাজনা ৷ ঠেং ভাঙলি কি হবো, মই যাই তাৰ মূৰাটুই ভাঙি দাও গোটাই ৷” টাঙোন সহিতে তেওঁ দপদপাই খোজ ল’লেই ৷ তেনেতে চোতালত গোটখোৱা মানুহৰ মাজৰ পৰা মুখিয়াল যেন লগা বয়সীয়া মানুহ এজনে মাত দিলে,-“ৰহএ দিবাকাৰ, তই সেংকে মূৰাটু ভাঙবা ওললি হবোনা ৷ নিজেতো জেলোক যাবিয়ে ডাঙাৰ বাপাকো জেলোত ভৰ্ত্তি কৰবি আৰু আপিটুক বিধাবা কৰবি ৷ মাথা ঠাণ্ডা কৰ ৷ যি হ’বাৰ আছিল হৈ গেছি ৷”
গৃহস্থ দিবাকৰে খন্তেক ৰৈ ক’লে,-“এনাম ডাঙাৰ কাণ্ড ঘটছি ঘৰোত আৰু তই মোক মাথা ঠাণ্ডা ৰাখবা কোৱা ! কেংকে ঠাণ্ডা ৰাখোএ !”
মুখিয়ালে ক’লে—“মাথা ঠাণ্ডা ৰাখবাই লাগবো ৷ তই আগোতেই সাবধান হবা লাইগছিল ৷”
--“ছলিৰ লগোৰ ছলি বুলি অলোপ –” দিবাকৰৰ মাত থোকাথুকি হ’ল ৷
দিবাকৰৰ সমবয়সীয়া চুবুৰীয়া এজনে মাত দিলে –“মই আগোতে আকবাৰ কৈছিলু তোক, কৈছিলু না ? জৱান আপি থাকা ঘৰোত জৱান ছলি এটা সেনকে আহা-যাৱা কৰি থাকলি এনাই হবোই ৷”
মুখিয়ালে মাত দিলে,-“গোটাই গাঁওখানে জানে দুইটাৰ ভালপাৱা হৈছি বুলি; তুহঁনাই কেঙ্কে নাজনাকে থাইকবা পাৰা ? ইথান মিছামিছি হাল্লা নকৰিবি, মিটমাট কৰ ৷”
দিবাকৰ ফোঁচকৈ উঠিল –“সেটো কেঙ্কে হবা পাৰে; আমি হৈছো ওপৰ কলিতা আৰু তাহুন –”
--“সেগ্লাখান বাদ দি ৷ তুঁহনাই আৰু আমিগিলাই কথাটু নামনিবা পাৰু কেন্তু আপি ইতিমধ্যে গেছিয়েই, ঘূৰাই আনবা পাৰবি নাকি ? ঘূৰেই আনলিও তাইৰ ভৱিষ্যৎ হ’বো কি ?” দিবাকৰৰ মুখৰ মাত কাঢ়ি মুখিয়ালে ক’লে ৷
দিবাকৰৰ সমনীয়া এজনে ক’লে,--“আৰু তই নিজে কি কৰছিলি এ দিবাকাৰ ? তিথানো সৰুপিতি মানে তোৰ পিতেই এঙ্কেই টাঙান উঠেইছিলা ৷ মনোত আছেনা ?” সেইজনে সুবিধা বুজি খোচ মাৰিবলৈকে কথাষাৰ কোৱা যেন লাগিল ৷
ডাঙৰ বাপাই পিতাকৰ ফালে চালে, বাপেক পুতেকৰ চকুৱে চকুৱে পৰিল ৷ দিবাকৰে মুখ ঘূৰাই ভিতৰলৈ খোজ ল’লে—“তুঁহনাক মই পুৰ্ণা কথা খচৰিবাকগেলি এতে মাতা নাই, বৰ্তমানৰ সমস্যা সমাধানৰ লগিন মাত্ছো ৷ গোটাইমাখা মোৰ শত্ৰুহে ওল্লাক ৷”
গঞা যাবলৈ ওলাল ৷ –“খংটো উঠবই আপীটুই এনাই কৰলি ৷”
--“তাৰ মাথাটু ঠাণ্ডা হবা দি ৷”
--“অৰুণ ছলিটো গোটাই বয়া নহই, চাকৰি এটাও কৰি আছি দেছু ৷”
--“তে, সি এনাই অসৎ কামটু কিয়া কল্লাক ? ভাল ছলি সেংকা কাম কৰে নাকি ?”
--“এ কিবা মাথাখান্তি ঘূৰি গেল নাকি তাৰ ৷”
--“কি মাথা ঘূৰি গেল এ ? ভাল কাম হৱা নাই, সমাজোৰ কথা ভাববা লাগে ৷ পিছোৰ আপি-ছলিগিলাখানক লগিন কি উদাহৰণ ৰাইখলাক সি ?”
--“কিবা একখোৰা সমাধান ওল্ব গোটাই ৷”
--“ওল্ব ওল্ব, নোল্লি গোটাইগিলাখান লগহৈ কিবা কৰবা লাগব ৷”
চোতালখন খালি হোৱাত মাকৰ বিননি আকৌ শুনা গ’ল –“কিয়া তাই এনাই কৰলাক, মই যি সহ্য কৰবা পাৰা নাই !”
লগৰ কোনোবাই সান্ত্বনা দিলে—“ছলি ভুল কৰেই, সহ্য কৰবা লাগ্ব, শুধৰেই দিবাও লাগ্ব ৷” আকৌ বিননি—“অ’ কেনাম আশা আছিল মোৰ চোতালক তেলোৰভাৰ আহ্ইবো – মই –” কোনোবা এগৰাকীয়ে বৰ কোমল মাতেৰে সান্ত্বনা দিলে,--“নাকান্দিবিএ মাই নাকান্দিবি, আহ্ইব তোৰ চোতালোক তেলৰভাৰ ৷ কিয়া, আমিগিলাখান নাছো ? গোটে ৰাইজখান নাছে ?” ঘটনাটোত ৰস পাই আমি সিমান দেৰি শুনি আছিলোঁ ৷ গঞা ঘৰাঘৰি যোৱাত ভোটএৰাৰ বেৰাখনৰ ফাঁকেৰে আমিও কেম্পলৈ উভতিলোঁ ৷ তেতিয়াহে চিন্তা লাগিল যে মানুহঘৰৰ এনে বিমৰ্ষ অৱস্থাত আমাৰ গাধোৱাৰ বাৰু কিবা এটা হ’ব কিন্তু টয়লেটৰ কি হ’ব ! ঘটনাটো সুঁৱৰি মোৰ হাঁহি উঠিল ৷ ল’ৰাই মোৰফালে চাই সুধিলে,-“দেতা, কিয় হাঁহিছা ?”
--“কিবা এটা কথা মনত পৰি হাঁহিছোঁ সোণ ৷”
মুখলৈ চাই দেখো যে চকুদুটা মেলি ৰাখিবলৈ টান হৈছে তাৰ ৷ টোপনি ভাঙিবলৈ তাক নি চকুদুটা ভালকৈ ধুৱাই দি ক’লোঁ,-“হ’মৱৰ্কখিনি পুৰা কৰি ল দেই ৷ মায়ে ভাত ৰান্ধি থৈয়েই গৈছে, মা আহি নাপালে মই বাঢ়ি দিম ভাত ৷”
--“মা কিয় অহা নাই ৷” এনেকুৱা সময়ত দেউতাক থাকিলেও ল’ৰা-ছোৱালীয়ে মাকৰ আবদাৰ বিচাৰে ৷
--“মায়ে বন্ধুবিলাকৰ লগত কথা পাতি আছে ৷ আহিব ৷”
সি আকৌ বহীত লেখিবলৈ আৰম্ভ কৰিলে আৰু মোৰ মন উভতি গ’ল বুৰাদিয়া নদীৰ পাৰলৈ ৷ তৰা প্ৰেমিকৰ সৈতে উধাও হোৱাৰ দুসপ্তামানৰ পিছত আমাৰ কামৰ মোখনি মাৰিবৰ সময় হ’ল ৷ শেষৰ দুই-তিনিদিনমান মই আকৌ কেম্পত থাকিবলগীয়া হ’ল ৷ এদিন দিবাকৰদাৰ চোতালত আকৌ মানুহ গোটখোৱা দেখিলোঁ ৷ মানুহৰ হাঁহি আৰু মাত-কথাৰ পৰা বুজিলোঁ যে কলীয়া ডাৱৰ আঁতৰিল আৰু পৰিয়ালটোৱে ৰ’দৰ মুখ দেখিছে ৷ ভালো লাগিল ৷ তেনেতে আঠ-দহবছৰীয়া ল’ৰা-ছোৱালী এহালে ভোটেৰাৰ বেৰাখনেৰে সৰকি দৌৰি আহি আমাক ক’লে,--“সৰুমাজুপিতিআাহুন মাতি খেদেইছি ৷”
দুয়োটাই উভতি দৌৰিছিলেই তেনেতে ধেমালি কৰিবলৈ মই মাত দিলোঁ,--“সৰুমাজুপিতিয়ে আমাক ক’লৈ খেদাইছে ঐ ৷”
দুয়োটাই মোৰফালে ঘূৰিল আৰু ল’ৰাটোৱে চকু ঘোপা কৰি চোতালখনৰফালে আঙুলিয়াই উত্তৰ দিলে,--“খেদোৱা নাই এ, ঘৰোক মাত্ছি ৷” দুয়োটাই দৌৰি গ’লগৈ ৷
আমি চাৰিজনমান গৈ তেওঁলোকৰ চোতাল পালোগৈ ৷ গম পালোঁ যে পলায়নৰ ঘটনাৰ তিনিদিনৰ দিনা অৰুণৰ ঘৰৰ মানুহে তৰাক ঘৰত থৈ গ’ল আৰু দিনবাৰ চাই সেইদিনা অৰুণৰ ঘৰৰ পৰা মানুহ আহিছে নিয়মমতে সম্বন্ধৰ প্ৰস্তাৱ লৈ ৷ দিবাকৰে জাতপাতৰ কথা উঠাইছিল কিন্তু যৌথ পৰিয়াল নহ’লেও পৰিয়ালৰ মুৰব্বী হিচাবে ডাঙৰ ককায়েকজনে ক’লে,-“দুইঘৰোৰ জাতোৰ বৰ বেছি উপৰ-নীচ নাই, আকেই গোষ্ঠীৰে উনিচ-বিচ ৷ সেনাই ক্ষুদ্ৰ কথাত লাগি থাকলি আজিৰ দুনিয়াখান চলবা নৰে আৰ্ সেনাই ক্ষুদ্ৰ কথাক ধৰি থাকবাৰ লগিন পৰিয়ালোৰ আপিটুৰ ভৱিষ্যৎ নাছে ? সম্বন্ধ হবো ৷” তেওঁৰ খাটাং ৰায় শুনি ‘হলিও’ বুলি অলপ অনিচ্ছা যেন দেখুৱাই দিবাকৰদা মান্তি হ’ল ৷ দ’ৰাঘৰৰ প্ৰস্তাৱ ছোৱালীঘৰে মানি লোৱাত গোটখোৱা চুবুৰীটোৰ ৰাইজে হৈ-ধ্বনি দিলে ৷ মুখিয়ালে ডাঙৰকৈ গলখেকাৰি এটা মাৰি ক’লে.—“দা ভাল হৈছি দা ৷” চাহ তামোল খাই আমিও কেম্পলৈ উভতিলোঁ ৷
কামৰ সামৰণি পৰাত আমি তাৰপৰা উঠি আহিলোঁ ৷ তৰাৰ বিয়াখন খোৱা নহ’ল আৰু কথাবোৰ লাহে লাহে স্মৃতিৰ বৰপেৰাৰ তলিত পৰিলগৈ ৷ অচিন্তৰ বুঢ়াবিয়াই আইতাই বৰপেৰাৰ তলৰ পৰা পুৰণি কাপোৰ এসাজ খুচৰি উলিয়াই অনাৰ দৰে সেই ঘটনাটো পুনৰ উলিয়াই আনিলে ৷
পৰিবাৰ তেতিয়াও আহি নোপোৱাত ভাতবাঢ়ি পুত্ৰক খাবলৈ দিলোঁ ৷ ভাত-দাইল পুণৰ তপতোৱা সময়ত টিভিত কাৰ্টুন চাবলৈ পাই তাৰ আধাজাপযোৱা চকুদুটা আকৌ ডাঙৰকৈ মেল খালে ৷ সেয়ে সি ভাত নিজেই ভালকৈ খাব পাৰিলে, নহ’লে প্ৰায়ে টোপনিৰ কোবত হাতখন মুখত নোসোমাই যেনিতেনি গ’লে একোগৰাহ মুখত সুমুৱাই দিবলগা হয় ৷
বুঢ়াবিয়া কথাটোৱে মনত তেতিয়াও ক্ৰিয়া কৰিয়েই আছিল চাগে; সেয়ে ভাত খাওঁতে পুত্ৰৰ কাষতে বহি থকা সময়ত আন এটা পুৰণি কথা মনত পৰিল ৷ বুঢ়াদিয়াৰ আঢ়ৈবছৰ পিচৰ কথা ৷ তেতিয়াও মই অবিবাহিত, গতিকে কামৰ চাইটে চাইটে থকাত পিচটান নাই ৷ কোম্পানীয়ে নগাঁৱৰ উপকণ্ঠৰ ঘাঁহি গাঁৱৰ পৰা জাগীৰোডলৈ বহুৱাবলৈ লোৱা নতুন তেলপৰিবাহী পাইপলাইনৰ ফিল্ডটিমৰ ময়ো এজন সদস্য আৰু কপিলীনদীৰ পূবপাৰৰ পৰা ধৰমতুলৰফাললৈ দহকিলোমিটাৰ দৈৰ্ঘ্যৰ কাম চোৱাচিতা কৰা দায়িত্ব মোৰ ওপৰত ন্যস্ত ৷ পাইপলাইন বহুৱাবলৈ আঢ়ৈমিটাৰ বহল আৰু সিমানেই দ ট্ৰেন্স অৰ্থাৎ দীঘল গাঁত খন্দা হৈছে ৷ একোটা গাঁতৰ দৈৰ্ঘ্য তিনি-চাৰি কিলোমিটাৰকৈ ৷ মাজতে মানুহ অহাযোৱা কৰাৰ বাট এটা এৰি তেনেকুৱা দীঘল পৰৱৰ্তী গাঁতটো; এইদৰে গাঁতৰ লানি ৷ অৱশ্যে দুশ-তিনিশ মিটাৰ অন্তৰে অন্তৰে মানুহ পাৰ হ’বলৈ আৰু গৰু পাৰ কৰাব পৰাকৈ তক্তা পাতি বাট দিয়া আছে ৷ এঘাৰ-বাৰ মিটাৰ দীঘল পাইপ জোৰা দি দি কেইবাকিলোমিটাৰ দীঘল পাইপলাইনৰ খণ্ডবোৰ ট্ৰেন্সৰ ওপৰতে তৈয়াৰ কৰি যাবতীয়া পৰীক্ষা কৰি থকা হৈছে ৷ পাইপলাইন ট্ৰেন্সত সুমুৱাবলৈ তেতিয়াও দিনচেৰেক বাকী ৷ আনদিনাৰ দৰেই সেইদিনাও পুৱাতে কামৰ ঠাই পালোঁগৈ ৷ দেখোযে কাষৰ গাঁৱৰ পৰা পাতল কুঁৱলীৰ মাজেৰে পাঁচজনমান বয়সীয়া মানুহ আমাৰফালে আহি আছে ৷ ওচৰ আহি পোৱাত দেখো যে গাঁৱৰে বয়সীয়া চিনাকী লোককেইজনমানৰ দল ৷ চিনাকী মানে আমাৰ কামৰ ঠাইলৈ আহি কিবাকিবি চাই থাকে, দুই-এটা কথা সোধে, ময়ো গাত নলগাকৈ উত্তৰ দিওঁ ৷ ঠাণ্ডাদিন, পথাৰ উদং তাতে বয়সীয়া মানুহ, ঘৰতো বিশেষ কাম নাই চাগে; সেয়ে আমাৰ কামৰ ঠাইলৈ আহি ৰ’দপুৱাই সমবয়সীয়া মানুহকেইজনে কথাৰ মহলা মাৰে ৷ গাঁৱৰ নিস্তৰঙ্গ দৈনন্দিন জীৱনত কাষতে চলি থকা কাৰিকৰী কামে চাগে কিছু হ’লেও নতুনত্বৰ খোৰাক দিছে ৷ মই সেইদৰেই ধৰি লৈ তেওঁলোক আৰু আন গঞাৰ প্ৰশ্নৰ উত্তৰ আনন্দেৰেই দিওঁ আৰু নিজেও কিবাকিবি সোধো; তামোল খোৱাৰ অভ্যাস নাথাকিলেও যাচিলে তামোলখন হাতপাতি লৈ মুখত ভৰাওঁ ৷ গতিকে তেওঁলোকৰ সৈতে সম্পৰ্ক মোটামুটি সহজ ৷
ওচৰ পাই সকলোতকৈ আগৰণুৱাজনেই আনদিনা মতাৰ দৰেই মাত দিলে,-“কি ঔ চেহাবটো !”
ময়ো আনদিনা মতাৰ দৰেই মাতিলোঁ,-“কি ঔ দৌতা, আজি ইমান পুৱাতেই দেখোন ?”
--“কথা এটা সুধিব লাগিছিল আউ ৷”
--“কি কথা সোধক ৷”
--“এ তহঁতঅ এই খালবোউ কেতিয়াকৈ পুতিবি ঔ ?”
--“কিছুদিন আছে ৷ অলপ অসুবিধা হৈছে আপোনালোকৰ কিন্তু আমিতো মাজে মাজে বাট দি থৈছোঁ ৷” চিন্তাও লাগিল যে ৰাতি কোনোবা পৰিল নেকি ট্ৰেন্সত ৷
--“খালবো যে ইয়া পআ অ-উ তালৈকে দীঘল চুটি কয়িব নোআঅ ?”
--“নোৱাৰি নহয় চুটি কৰিব ৷ কি হৈছে বাৰু কওকছোন ৷”
ইজনে সিজনৰ মুখলৈ চালে, অনুমান কৰিলোঁ যে কথাটো ক’বনে নক’ব চকুৰ ইংগিতেৰেই আলচ কৰিলে ৷ ক’ব বুলিয়েই চাগে থিৰাং কৰিলে কাৰণ একেজন বুঢ়ায়েই পুনৰ মুখ মেলিলে,-“এ পুঅনা বেমায় এটাই উক দিছে ঔ ৷”
--“কি পুৰণা বেমাৰে উক দিছে, কাৰোবাৰ গা বেয়া নেকি ?” ভাবিলোঁ যে কাৰোবাক চাগে হস্পিটাললৈ নিবলৈ গাড়ী লগা হৈছে ৷
--“এ কৈয়ে দিও দে ৷ বগা চেহাববোয়ে পুঅনা পাইপলাইন বান্ধোতে যে এনেকুআ খাল কাটিছিল তেতিয়া খালে খালে গাঁৱঅ বহুত ছোৱালী পলুৱাই নিলে ঔ ৷”
--“কি ? কোনে নিলে ?”
--“কোনে নিব আউ ! ঔ বেলেক গাঁৱঅ ডেকা বোয়ে আকৌ, আমা এইফালেও আহিলে ভালেকেজনী পাইপলাইনঅ খালে খালে ৷”
পাইপলাইনৰ ট্ৰেন্সেৰে ভালপোৱাজনীক পলুৱাই নিয়াৰ কথা শুনি মোৰ ভীষণ হাঁহি উঠিল ৷ প্ৰেমত সকলো সম্ভৱ ৷ সংসাৰৰ আন ভু-ভা নোপোৱাজনেও জানে পাইপলাইনৰ কেইবাকিলোমিটাৰ দীঘল আৰু মানুহ একোটাৰ দুগুণ দ ট্ৰন্সটো ছোৱালী পলুৱাই নিবলৈ অতি সুচল বাট ৷
হাঁহি সামৰি সুধিলোঁ,-“এইবাৰো একেই হৈছে নেকি ?”
--“ইমান দিনে হোআ নাছিল ৷ কালি নিশাহে আমা গাঁৱঅ এজনী নিলে আকৌ, ঔ ফুলগুয়িয়ফালে নিলে বুলি শুনিছোঁ; তঁহতঅ খালে খালেই নিলে ৷”
আকৌ হাঁহি উঠিল; তথাপি ক’লোঁ--“যি হ’বৰ হৈ গ’ল; এতিয়া মাতি আনি বিয়াখন পাতি দিয়ক ৷” ভ্ৰু কোঁচাই আপত্তিৰ সুৰত বুঢ়াই সুধিলে,--“ঔ খাল নোপোত তেনে সোনকায়ে ?”
--“পুতিম, অহা সপ্তাহৰ পৰা ক্ৰমান্বয়ে পোতা হ’ব ৷”
অলপ ধেমালি কৰিবৰ মনেৰে সুধিলোঁ,-“বগা চাহাবৰ দিনত পাইপলাইনৰ খালেৰে ইফাল-সিফাল কৰা বেমাৰটোৱে আপোনালোকক পাইছিলেনে নাই ?”
বুঢ়াই প্ৰথমে মোলৈ ঘোপাকৈ চালে, তাৰপাছত আটাইকেইজনে নিজৰ ভিতৰতে চোৱাচুই কৰিলে ৷ ভাবিলোঁ যে বেছি ধেমালিলৈ গৈ ভাল নকৰিলোঁ, মোক নিশ্চয় বেয়া পালে ৷ তেনেতে বুঢ়াই মোৰফালে মুখ ঘূৰাই অৱশিষ্ট দীঘল ক’লা আগদাঁতটো উলিয়াই প্ৰাণখুলি হাঁহিবলৈ ধৰিলে, সোলামুখত খোলাহাঁহি সে-সেকৈ ওলাল ৷ বাকীকেইজনেও সেহ-সেহকৈ হাঁহিবলৈ ধৰিলে ৷ বুঢ়াকেইজনৰ ডেকাকালৰ কীৰ্তি সেই অন্তৰখোলা হাঁহিতেই ওলাই পৰিল ৷
ল’ৰাৰ ভাত খোৱা হ’লত শুবলৈ পঠিয়ালোঁ, তেনেতে পৰিবাৰো আহি পালে ৷ টোপনিত লালকাল দিয়া ছোৱালীজনীক দাঙি বিচনাত থলোগৈ ৷ পৰিবাৰেও ‘বহুত দেৰী হ’ল দিয়া, ৰাতিপুৱা সোনকালে উঠিবই লাগিব’ বুলি ততাতৈয়াকৈ কাপোৰ সলাই হাত-মুখ ধুই মোক ভাত বাঢ়ি দিলে ৷
তেওঁলৈ ভাত নবঢ়া দেখি সুধিলোঁ –“তোমাৰ ভাত ?”
-“খাবলৈ পেটত জাগা নাই আৰু ৷”
-“বিয়াত ভাতেই খুৱালে চাগে, আৰু বহিলাও বহুত সময় ৷”
“নক’বা আৰু, গৈ পোৱাৰ অলপ পিচতেই কাষৰীয়া কোঠা এটালৈ নি জলপান, পিঠাপনা আৰু চাহ দিলে ৷ খাই উঠোমানে বিয়া আৰম্ভ হ’লেই ৷ অলপ বিয়া চাই আহিবলৈ উঠোতেই পেহীয়েকে চিঞৰ মাৰি উঠিল-‘ঔ আই, ভাত নোখোৱাকৈ কেনি যায় !’ জলপানেৰেই পেট ভৰিলে, ভাত নাখাওঁ বুলি কোৱাত আকৌ ক’লে-‘ঔ আই, চাহটোপা খায়েইনো তেনেখন কৰেনে কোনোবাই !’ খাব নোৱাৰিম বুলি ইমানকৈ কোৱা স্বত্বেও এৰিব নোৱাৰি বহিলোগৈ ৷ ভাতো ভালকৈয়েই খুৱালে ৷ ভাত খাই উঠাৰ পিছতো অলপ বহকচোন বুলি ৰাখিলে, মাকেও কথা পাতিলে ৷ ইমান আদৰ-সাদৰ এৰি পৎকৈ উঠি আহিব নোৱাৰি নহয় ৷”
-“বিয়াখন কি নিয়মত হ’ল ৷”
-“তেওঁলোক সত্ৰত শৰণ লোৱা পৰিয়াল বোলে, তথাপি হোম পুৰিয়েই বিয়া হৈছে ৷”
-“সত্ৰই সত্ৰই নিয়মবোৰ বেলেগ বেলেগ ৷ অচিন্তহঁত কোন সত্ৰৰ বা ৷”
-“সোধা নাই সিমান কথা ৷ ভকতো মাতিছে, তেওঁলোকে যা-জোগাৰ কৰি থকা দেখিলোঁ; হোমৰ পাছতেই ভকতৰ নাম আৰম্ভ হোৱাৰ কথা ৷”
-“জোৰোণ হ’লনে নাই হে বুঢ়াবিয়াত ?”
-“জানো পাই, কইনাই দেখোন সাত-আঠ বছৰ ধৰি শিৰত সেন্দুৰ লৈয়েই আছে ৷ কিবা নিয়ম কৰিছে যদিও নাজানো ৷ কইনাই কিন্তু অলপ মেকআপ কৰি দেখনিয়াৰ হৈ আছে ৷ পিন্ধি থকা কাপোৰসাজ বোলে শাহুৱেকে দিয়া ৷ তাইৰ ঘৰৰফালৰ পৰাও এসাজ কাপোৰ আৰু দুটামান অলঙ্কাৰ দিছে ৷ অচিন্তটোহে একেবাৰে ভচঙাটোৱেই হৈ আছে ৷ ধুতি-পঞ্জাৱী আৰু মূৰত তুলসীৰ মালাডাল, আৰু একো নাই; মুখখনো কিবা শুকান-উবানকৈ আছে ৷”
-“মতা মানুহৰ আৰু কি সাজোন-কাচোন, তাতে বুঢ়াবিয়া ৷ আচল বিয়াৰ নিচিনা আনন্দতো নাই ৷ তাতে যিখিনি পইচা খৰচ কৰিছে সেইখিনি চাগে কত কি উপায়েৰে যোগাৰ কৰিছে, ধাৰো লাগিব পাৰে ৷ দৰিদ্ৰ নহ’লেও অভাৱী মানুহ ৷ সেইবোৰ চিন্তাতে চাগে তাৰ আনন্দ লগা নাই ৷”
অলপ পৰ মনে মনে ভাত খোৱাৰ পাছত ক’লো,-“বুজিছা, সংসাৰৰ বেছি আওভাও নোপোৱা অনভিজ্ঞ বয়সত কথাবোৰ বৰ সহজযেন লাগে ৷ তাতে প্ৰেমত পৰিলে বেলেগ কথা একো নুবুজা হৈ যায় ৷ ইটোৱে সিটোক এৰি থাকিব নোৱাৰা হৈ নিয়ম ভাঙি হ’লেও বিয়াখন পাতি আকাশত উৰি ফুৰে ৷ পিছে বেছিদিন নালাগে, আকাশৰ পৰা থপককে মাটিত যেতিয়া টিকা থেকেচাখাই পৰে তেতিয়াহে হুচ আহে ৷ তেতিয়া পইচাপাতিৰ চিন্তা, ঘৰ এখনৰ চিন্তাই জুমুৰি দি ধৰে ৷ নিজৰ ঘৰৰ আবুৰ আৰু সমাজৰ স্বীকৃতি পাবলৈ মনে হাঁহাকাৰ কৰে ৷ তেতিয়াই বুঢ়াবিয়া পাতে ৷”
পৰিবাৰে ক’লে,-“পশ্চিমীয়া দেশততো এইবোৰ ভাতৰ লগত পানীখোৱাৰ নিচিনা কথা ৷ বিয়া নপতাকৈ পাৰ্টনাৰ হৈ থাকি দুটা-তিনিটাকৈ ল’ৰা-ছোৱালীও জন্ম দিয়ে ৷ মনমেজাজ মিলি থাকিলে পিছত কোনোবা এপাকত চাৰ্চত বিয়া পাতি হাজবেণ্ড এণ্ড ৱাইফ বুলি স্বীকৃতি লয় ৷” মাজতে ক’লো,-“সেয়াও বুঢ়াবিয়া ৷ মুঠতে স্বীকৃতি লাগিবই ৷”
-“আকৌ এৰাএৰিও হয়, সন্তান এৰি থৈ বেলেগৰ লগত বিয়াও হয় ৷ সেইবোৰ সমাজত এস্ক-হাজবেণ্ড, এস্ক-ৱাইফ থাকেই ৷”
--“সেইবোৰ তাহাঁতৰ দেশৰ কথা ৷ মুঠতে এটা বয়সত নিয়ম ভঙাৰ পিছত এটা বয়সত নিয়মত সোমাই পৰাৰ চেষ্টা ৷ নিয়ম ভঙা নিয়ম পতাৰেই খেল গোটেইখন ৷ ডেকাকালত যিজনে নিয়ম ভঙাত আগভাগ লয় বয়সত তেঁৱেই আকৌ নিয়ম ধৰি ৰখাত আগভাগ লয় ৷ অকল বিয়া বুলিয়েই নহয়, ডেকাই নতুনত্ব বিচাৰি সমাজৰ নিয়ম ভাঙে আৰু অভিজ্ঞসকলে সমাজক নিয়মলৈ ওভতাবলৈ চেষ্টা কৰে; তেনেকুৱাতে সমাজৰ নিয়মবোৰ অলপ অলপকৈ সলনি হৈ গৈ থাকে ৷”
--“সমাজ এৰি মানুহ থাকিব নোৱাৰে সেয়ে সমাজলৈ উভতি আহে; নিয়মমনা মানুহ নহ’লে সমাজ নহয় ৷”
--“সেইটোৱেই আচল কথা ৷”
--“দিয়া, নিয়ম ভঙা নিয়ম পতাৰ মাজতেই অচিন্তৰ বিয়াখন হৈ গ’ল ৷”
শেষৰ ভাতগৰাহ মুখলৈ নি ক’লো,-“দা ভাল হৈছি দা ৷”